Matthew 11

1যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল।

যোহন বাপ্তাইজকৰ প্ৰশ্ন; যীচুৰ উত্তৰ

2যোহনে
11:2 এওঁ বাপ্তিস্ম দিওঁতা যোহন।
কাৰাগাৰৰ পৰা যেতিয়া খ্ৰীষ্টৰ কৰ্মৰ কথা শুনিলে, তেতিয়া নিজৰ শিষ্য সকলৰ দ্বাৰাই যীচুক সুধি পঠালে,
3“আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?

4যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যোৱা, তোমালোকে যি শুনিছা আৰু দেখিছা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ। 5অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে। 6ধন্য সেই লোক, যি জনে মোক লৈ কোনো বাধা নাপায়।

7যোহনৰ শিষ্য সকল যেতিয়া উলটি গ’ল, সেই সময়ত যীচুৱে যোহনৰ বিষয়ে লোক সকলৰ আগত এই কথা কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ গৈছিল- বতাহে লৰোৱা এক নল-খাগৰি? 8তেনেহলে কি চাবলৈ ওলাই গৈছিল- মিহি কাপোৰ পিন্ধা মানুহ নে? বাস্তৱিকতে, যি সকলে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰাজকাৰেঙত থাকে।

9তেন্তে কি চাবলৈ ওলাই গৈছিল - এজন ভাৱবাদীক নে? হয়, মই আপোনালোকক কওঁ, ‘তেওঁ ভাৱবাদীতকৈয়ো মহান। 10এইজন তেৱেঁই, যি জনৰ বিষয়ে শাস্ত্রত লিখা আছে,

‘চোৱা, মই তোমাৰ আগত
মোৰ বার্তাবাহকক পঠাম,
তেওঁ তোমাৰ আগত
তোমাৰ পথ প্রস্তুত কৰিব।’

11মই আপোনালোকক সচাঁকৈয়ে কওঁ, মহিলাৰ গর্ভত যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত যোহন বাপ্তাইজকতকৈ মহান কোনো নাই; কিন্তু স্বৰ্গৰাজ্যত আটাইতকৈ গুৰুত্বহীন সৰু ব্যক্তিও যোহনতকৈ মহান। 12যোহন বাপ্তাইজকৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য ভীষনভাৱে আক্ৰান্ত হৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে।

13যোহনৰ সময়লৈকে সকলো ভাৱবাদীয়ে আৰু বিধান-শাস্ত্ৰই ভাবোক্তি প্ৰকাশ কৰিছে। 14অাপোনালোকে যদি এই কথা গ্ৰহণ কৰিব খোজে, তেন্তে আহিব লগা যি এলিয়া
11:14 এলিয়া - মলাখী 4:5,6
, এই যোহনেই সেই জন।
15যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।

16এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়, 17‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’

18যোহনে আহি ভোজন গ্রহণ বা দ্রাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’। 19মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এইজন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্রমাণিত হয়।”

অবিশ্বাসী সকলৰ উদ্দেশ্যে যীচুৰ সতর্ক বাণী

20যীচুৱে যিবোৰ নগৰত বেচি ভাগ পৰক্রম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসী সকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন পালটন নকৰিলে। 21হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম-কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তূৰ আৰু চীদোন নগৰত কৰিলো হয়, তেনেহলে বহুদিনৰ আগেয়ে তাৰ নিবাসী সকলে চট পিন্ধিলেহেতেন আৰু ছাইত বহি মন পালটন কৰিলেহেঁতেন। 22কিন্তু মই আপোনালোকক কওঁ, বিচাৰৰ দিনা আপোনালোকতকৈ তূৰ আৰু চীদোনৰ
11:22 তুৰ আৰু চীদোন - লেবাননৰ দুখন চহৰ, য’ত দুষ্ট লোকসকল বাস কৰিছিল।
দশা সহিব পৰা হ’ব।

23তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক তললৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম-কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন। 24কিন্তু মই তোমালোকক কওঁ, বিচাৰৰ দিনা তোমালোকতকৈ চদোমৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব।

যীচুৰ প্ৰাৰ্থনা; পৰিশ্ৰান্ত সকলক নিমন্ত্ৰণ কৰা

25সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰো, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা। 26হয় পিতৃ, এইদৰে তোমাৰ দৃষ্টিত ই সন্তোষজনক হৈছে।’ 27কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।

28হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম। 29মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।

30

Copyright information for AsmULB